লেখক

জুৰী বৰা বৰগোহাঞি
JURI BORAH BORGOHAIN

        ঔপন্যাসিক, নিবন্ধকাৰ, গল্পকাৰ জুৰী বৰা বৰগোহাঞিৰ জন্ম ১৯৭৮ চনত মাজুলীত৷ বিবাহ সূত্ৰে শিৱসাগৰৰ বোৱাৰী, বৰ্তমান চাবুৱাৰ অস্থায়ী বাসিন্দা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান (২০০৩)ৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এম. ফিল. আৰু শ্লেট উত্তীৰ্ণ জুৰী বৰা বৰগোহাঞিয়ে ২০০৩ চনৰ পৰা ২০১০ চনলৈ কেইখনমান কলেজত অধ্যাপনা কৰে৷ বৰ্তমান তেওঁ পেছাত লেখক আৰু এটা সংবাদ মাধ্যমৰ উপদেষ্টা। হিচাপে গ্ৰহণ কৰিছে। বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীৰ প্ৰথমগৰাকী মহিলা সাংবাদিক তথা ১৯৯৮ চনৰ পৰা ২০০৫ চনলৈ কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰা জুৰী বৰা বৰগোহাঞিৰ প্ৰথম উপন্যাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী (২০০৪)। তেওঁৰ পৰৱৰ্তী উপন্যাসবোৰ ক্ৰমে আপোনজনৰ ঠিকনা (২০০৭), অভিলাষী যাত্ৰা (২০০৮), ৰাগ... ইমন (২০০৯), নাংফা (২০১০), লিডলাম (২০১২), ভোক (২০১৫) আৰু আংকুশ (২০১৮)৷ জলজ (২০১৩) দৈনিক জনমভূমিৰ ‘বসুন্ধৰা’ত প্ৰকাশিত ধাৰাবাহিক উপন্যাস৷

        সাহিত্যিক গৰাকীৰ লক্ষীনন্দন বৰগোহাঞিৰ স’তে যুটীয়াকৈ কৰা প্ৰকৃতি বিষয়ক গ্ৰন্থ বনশাক আৰু ইয়াৰ ব্যৱহাৰ (২০১০) আৰু সম্পাদিত গ্ৰন্থ এক সন্ধান যাত্ৰা (২০১২)৷ সাতসৰীত আমাৰ শাক চিনাকি, আমাৰ মাছ চিনাকিআৰু আমাৰ ফল চিনাকি নামেৰে অসমৰ থলুৱা শাক, মাছ আৰু ফলৰ ওপৰত গৱেষণালব্ধ সাৰাংশৰে তিনিখনকৈ সচিত্ৰ ধাৰাবাহিক প্ৰকাশ হৈছে৷   

        সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট (এন.বি.টি.), বিশ্ববিদ্যালয়, কলেজকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰজ্যিক বহু অনুষ্ঠান-সন্মিলনলৈ লেখক, সমল ব্যক্তি, মুখ্য অতিথি, বিশিষ্ট অতিথি, বক্তা, উন্মোচক হিচাপে আমন্ত্ৰিত হৈ সন্মানিত হৈছে৷ জুৰী বৰা বৰগোহাঞিৰ সৃষ্টিৰ ওপৰত বিশ্ববিদ্যালয়ত গৱেষণা হৈছে৷ ভাৰতৰ বিভিন্ন প্ৰান্তত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰত বৰগোহাঞিৰ শেহতীয়া উপন্যাস চৰ্চাৰ বিষয় হোৱাৰ লগতে পণ্ডিত-অধ্যাপক, সমল ব্যক্তি, গৱেষকৰ আলোচনা পত্ৰৰ বিষয় তথা প্ৰসঙ্গ-গ্ৰন্থ। তেওঁৰ কিছু সৃষ্টি বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু নাটক, গীত, কবিতা আদি তেওঁৰ সৃষ্টিৰ আধাৰত নিৰ্মাণ হৈছে।

        দেশৰ সৰ্বশ্ৰেষ্ঠ আলেখ্য “ষ্টিলৱেল ৰ’ডঃ দ্য মেমৰী অৱ এ ফৰ্গ’টেন ৱাৰ”ৰ বাবে আকাশবাণী বাৰ্ষিক বঁটা(২০১৮), “ভোক’’ উপন্যাসৰ বাবে অসমসাহিত্যসভাৰ সভাপতিৰবিশেষসাহিত্যসন্মান (২০১৮), ‘‘ৰাগ... ইমন’’ উপন্যাসৰ বাবে ‘হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতী বঁটা' (২০০৯), ‘‘লিড’লাম’’ উপন্যাসৰ বাবে ‘জীৱন ইনিচিয়েটিভ’ৰ বছৰৰ বিশেষ স্বীকৃতি’ (২০১২), সাহিত্য জগতলৈ অৱদানৰ বাবে ‘যুৱ অনুপ্ৰেৰেণা বঁটা’ (২০১৩) আদি লাভ কৰা লেখিকাই এতিয়ালৈকে ২৩খন উপন্যাসিকা, ৫৬ টা গল্প, বহু সংখ্যক চিন্তাশীল প্ৰবন্ধ, ভ্ৰমণ আৰু অন্যান্য বিষয়ৰ লেখাৰ ওপৰি দূৰদৰ্শন, আকাশবাণীৰ বাবে তথ্যচিত্ৰ, আলেখ্য আদি প্ৰস্তুত কৰি সাহিত্য আৰু সমাজ জীৱনক সমৃদ্ধ কৰিছে। অসমীয়া ‘প্ৰথমখন ছটৱেৰ অভিধান আৰু বিশ্বকো’, ‘অসম বুৰঞ্জীকোষ’ আদিলৈ মূল্যবান¸ লেখা তথ্যৰে অবদান আগবঢ়াইছে৷ গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক বিষয় কিছুমানৰ ওপৰত কাম কৰি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন-চক্ৰ, গৱেষণা পত্ৰত বিভিন্ন বিষয়-বস্তু লৈ বহুকেইখন গৱেষণাপত্ৰ উপস্থাপন আৰু প্ৰকাশ কৰিছে।  

যোগাযোগৰ সবিশেষঃ

প্ৰযত্নে- লক্ষীনন্দন বৰগোহাঞি, কলেজ পথ, চাবুৱা, ডিব্ৰুগড়-৭৮৬১৮৪

ফোনঃ ৯৮৫৪২ ৮৫২৫১, হোৱাটছ্এপ্ (অফিচিয়েল)- ৭০০২৯ ৩১৭৬৪

ই মেইলঃ jurilakshinandan@gmail.com

ৱেবছাইটঃ juriborahborgohain.simplesite.com